Show/Hide Keyboard Layout

নহ’লে পৰিচয় (পু)

- জুবিন গাৰ্গ

নহ’লে পৰিচয় হিয়াৰে

চিনাকি জানো কোনো হ’ব পাৰে

ল’ৰালিৰ ঘাটে ঘাটে

ওমলি থাকোঁতেই

অচিনা পানচৈ লাগিলেহি

ঘাটতে মোৰ অজানিতে

দুলনি দিলে নুবুজাকে

মনতে মোৰ গুপুততে

যৌৱনে ক’লে আজি সেয়াই

হিয়া দিয়া নিয়া ।

 

প্ৰথম প্ৰেমকে পাহৰিব পাৰিলে

প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিলে

তথাপিতো বাৰে বাৰে

ছিগি যাব কিয় খোজে

সুৰ অকাৰণে অজানিতে

ল’ৰালিৰ ওমলোতে

ভাল লগা সুৰ মনে মনে

যৌৱনে ক’লে আজি এয়াই

হিয়া দিয়া নিয়া ।

 

ল’ৰালিৰ সুৰকেই বিচাৰিহে আহিলোঁ

অচিনা ঘাটতে বিচাৰিযে নাপালোঁ

সময়েনো কিয় বাৰু

খেলিলেহি লুকা ভাকু

হায়, বাৰে বাৰে অজানিতে

ওভটিলোঁ উকা হাতে

লৈ মাথোঁ মোৰ সোঁৱৰণী

যৌৱনে ক’লে আজি এয়াই

হিয়া দিয়া নিয়া ।।

Hits: 3903